পোনে পোনে মূল তথ্যলৈ যাওক
ডাঃ আৰ. কে. খাণ্ডেলৱালজইণ্ট ৰিপ্লেচমেণ্ট আৰু কমপ্লেক্স ট্ৰমা চাৰ্জনপাটনা আৰু গুৱাহাটী
লাইভ চেশ্যনবিনামূলীয়া লাইভ চেশ্যন

প্ৰতি সপ্তাহত বিনামূলীয়া লাইভ চেশ্যন: প্ৰতি দেওবাৰ, পুৱা 11:00

ঘৰৰ পৰাই ডাক্তৰক নিজৰ প্ৰশ্ন সোধক

বিনামূলীয়া লাইভ চেশ্যনত যোগ দিয়ক
কলWhatsApp

+91 98352 20052

গাইড

8 মিনিটত পঢ়ক

আঁঠু সলনিৰ পাছৰ আৰোগ্য: সপ্তাহে সপ্তাহে

প্ৰতিটো ষ্টেজত কি স্বাভাৱিক সেইটো জানিলে ভয় বহুখিনি কমি যায়। এই সময়সূচী এটা গাইড মাত্ৰ। কিছুমান ৰোগী সোনকালে আগবাঢ়ে আৰু কিছুমান অলপ লাহে লাহে, আৰু নিয়মীয়াকৈ উন্নতি হৈ থাকিলে দুয়োটাই ঠিক।

এই পৃষ্ঠাত

চমুকৈ

  1. প্ৰথম দুসপ্তাহৰ মূল কাম হ'ল ঘা শুকোৱা, ফুলা কমোৱা আৰু আঁঠু লৰচৰ কৰোৱা।
  2. ছয় সপ্তাহৰ ভিতৰত বেছিভাগ ৰোগীয়ে ৱাকাৰ নোহোৱাকৈ খোজ কাঢ়ে আৰু আঁঠু 100 ডিগ্ৰীতকৈ বেছি ভাঁজ কৰিব পাৰে।
  3. আঁঠুৰ চাৰিওফালে ফুলা আৰু গৰম ভাব তিনিৰ পৰা ছয় মাহলৈকে থাকিব পাৰে। এইটো স্বাভাৱিক।
  4. শক্তি আৰু আত্মবিশ্বাস গোটেই এবছৰ ধৰি বাঢ়ি থাকে।
  1. দিন 01অপাৰেচনসাধাৰণতে 60 ৰ পৰা 90 মিনিট, বেছিভাগ ক্ষেত্ৰত ককালত বেজী দি (স্পাইনেল এনেস্থেচিয়া)।
  2. দিন 12প্ৰথম খোজআপুনি ফিজিঅ'থেৰাপিষ্টৰ সহায়ত ৱাকাৰ লৈ থিয় হৈ কেইখোজমান খোজ কাঢ়ে।
  3. দিন 3 ৰ পৰা 53ঘৰলৈ উভতাআপুনি বাথৰুমলৈ খোজ কাঢ়ি যাব পাৰে আৰু সহায় লৈ কেইটামান চিৰি বগাব পাৰে।
  4. সপ্তাহ 24চিলাই খোলা হয়ঘৰৰ ভিতৰত ৱাকাৰ লৈ খোজ কঢ়া। প্ৰতিদিনে ব্যায়াম।
  5. সপ্তাহ 65মুকলিকৈ খোজ কঢ়াবেছিভাগ ৰোগীয়ে লাখুটি লৈ বা সহায় নোহোৱাকৈ খোজ কাঢ়ে আৰু চিৰি বগায়।
  6. মাহ 36দৈনন্দিন জীৱনবজাৰ, নামঘৰ বা মন্দিৰ, পুৱাৰ খোজ, সামান্য ভ্ৰমণ আৰু গাড়ী চলোৱা।
  7. মাহ 6 ৰ পৰা 127সম্পূৰ্ণ লাভশক্তি আৰু আত্মবিশ্বাস এবছৰলৈকে বাঢ়ি থাকে।
চিত্ৰ 1আঁঠু সলনিৰ পাছৰ মূল ঢাপবোৰ।

হাস্পতালত: দিন 0 ৰ পৰা দিন 5

  • ৱাৰ্ডলৈ অহাৰ লগে লগে ভৰিৰ গাঁঠি লৰোৱা ব্যায়াম আৰু দীঘলকৈ উশাহ লোৱা আৰম্ভ হয়
  • 24 ঘণ্টাৰ ভিতৰত থিয় হোৱা আৰু ৱাকাৰ লৈ প্ৰথম খোজ
  • বিছনাৰ কাষত বহি আঁঠু ভাঁজ কৰা
  • টয়লেটলৈ খোজ কাঢ়ি যোৱা
  • কেইটামান চিৰি বগাবলৈ শিকা
  • ঘৰলৈ যোৱাৰ আগতে ড্ৰেছিং পৰীক্ষা কৰা হয়

ঘৰত সপ্তাহ 1 আৰু 2

লক্ষ্য: আঁঠু সম্পূৰ্ণ পোন কৰা, 90 ডিগ্ৰীলৈ ভাঁজ কৰা, ঘৰৰ ভিতৰত ৱাকাৰ লৈ খোজ কঢ়া।

  • দিনত তিনিৰ পৰা চাৰিবাৰ ব্যায়াম, প্ৰতিবাৰ 15 ৰ পৰা 20 মিনিট
  • সাৰে থকা সময়ত প্ৰতি এক ৰ পৰা দুই ঘণ্টাৰ মূৰে মূৰে অলপ খোজ কঢ়া
  • ব্যায়ামৰ পাছত 15 মিনিট বৰফৰ সেক
  • জিৰণি লওঁতে ভৰিখন গাৰুৰ ওপৰত ওখকৈ ৰাখক, আঁঠু পোন কৰি
  • ড্ৰেছিং শুকান ৰাখক। চিলাই বা ষ্টেপল প্ৰায় দুসপ্তাহত খোলা হয়
  • বিষৰ দৰব আৰু তেজ পাতল কৰা দৰব ডাক্তৰে লিখি দিয়া মতে খাওক

আঁঠুৰ তলত গাৰু নিদিব

ইয়াত আৰাম লাগে, কিন্তু ইয়াৰ ফলত আঁঠু ভাঁজ হোৱা অৱস্থাতে টান হৈ ৰৈ যায়। গাৰুটো গোৰোহা আৰু কলাফুলৰ তলত দিয়ক, যাতে আঁঠু পোন হৈ থাকে।

সপ্তাহ 3 ৰ পৰা 6

লক্ষ্য: আঁঠু 110 ডিগ্ৰীতকৈ বেছি ভাঁজ কৰা, লাখুটি লৈ আৰু তাৰ পাছত সহায় নোহোৱাকৈ খোজ কঢ়া, ৰেলিং ধৰি চিৰি বগোৱা।

  • খোজ থিৰ হোৱা যেন লাগিলে ৱাকাৰ এৰি লাখুটি লওক
  • বাহিৰত সমান মাটিত খোজ কাঢ়ক আৰু কেইদিনমানৰ মূৰে মূৰে দূৰত্ব বঢ়াওক
  • বহি আঁঠু ভাঁজ কৰা ব্যায়াম, থিয় হৈ কৰা ব্যায়াম আৰু সুবিধা থাকিলে একে ঠাইত থাকি চলোৱা ব্যায়ামৰ চাইকেল যোগ কৰক
  • ঘা শুকোৱাৰ পাছত স্বাভাৱিকভাৱে গা ধুবলৈ আৰম্ভ কৰক

মাহ 2 আৰু 3

  • দিনে 30 ৰ পৰা 45 মিনিট খোজ কাঢ়ক
  • অফিচৰ কাম, বজাৰ কৰা আৰু মানুহৰ ঘৰলৈ অহা-যোৱা আকৌ আৰম্ভ কৰক
  • আত্মবিশ্বাসেৰে ব্ৰেক মাৰিব পৰা হ'লে গাড়ী চলোৱা
  • পেশী শক্তিশালী কৰা ব্যায়াম কৰি থাকক

মাহ 3 ৰ পৰা এবছৰ

ফুলা কমি যায়, অপাৰেচনৰ দাগ কোমল হয় আৰু আঁঠুটো নিজৰ যেন লাগিবলৈ ধৰে। পেশীৰ শক্তি বাঢ়ি থাকে। বেছিভাগ ৰোগীয়ে কয় যে তিনি মাহত আঁঠু ভাল আছিল আৰু এবছৰত খুব ভাল হ'ল।

কি স্বাভাৱিক আৰু কি নহয়

স্বাভাৱিক

  • সন্ধিয়ালৈ বঢ়া আৰু পুৱালৈ কমা ফুলা
  • কেইমাহমান আঁঠুৰ চাৰিওফালে গৰম ভাব
  • অপাৰেচনৰ দাগৰ বাহিৰফালে অলপ ঠাই অৱশ হোৱা
  • টক টক শব্দ
  • প্ৰথম কেইসপ্তাহমান টোপনি ভালকৈ নহা
  • প্ৰথম দুসপ্তাহত উৰু আৰু কলাফুলৰ ওচৰত ছালত নীলা বা ক'লা দাগ পৰা

ডাক্তৰক ফোন কৰক

  • 100 ডিগ্ৰী F তকৈ বেছি জ্বৰ
  • ঘা ৰঙা পৰা, তিতি থকা বা ঘাৰ পৰা ৰস ওলোৱা
  • কমাৰ সলনি দিনে দিনে বাঢ়ি যোৱা বিষ
  • কলাফুল ফুলা, টান হোৱা আৰু বিষোৱা
  • বুকুৰ বিষ বা উশাহ লওঁতে কষ্ট
  • চাৰি সপ্তাহৰ ভিতৰত আঁঠু 90 ডিগ্ৰীলৈ ভাঁজ নোহোৱা
  1. 1ভৰিৰ গাঁঠি লৰোৱা

    শুই থাকি দুয়োখন ভৰিৰ পতা ওপৰ তল কৰক। প্ৰতি ঘণ্টাত 20 বাৰ। ইয়াৰ ফলত ভৰিত তেজৰ চলাচল ঠিকে থাকে।

  2. 2উৰু টান কৰা

    আঁঠুৰ পিছফালটো বিছনাত হেঁচি উৰুৰ পেশী টান কৰক। 5 ছেকেণ্ড ধৰি ৰাখক। 10 বাৰ কৰক।

  3. 3পোন ভৰি দঙা

    আঁঠু পোন ৰাখি ভৰিখন বিছনাৰ পৰা প্ৰায় এক ফুট ওপৰলৈ দাঙক। 5 ছেকেণ্ড ধৰি ৰাখক। 10 বাৰ কৰক।

  4. 4গোৰোহা পিছলোৱা

    গোৰোহাটো হিপৰ ফালে পিছলাই আনক যাতে আঁঠু ভাঁজ হয়, তাৰ পাছত পোন কৰক। 10 বাৰ কৰক।

  5. 5বহি আঁঠু ভাঁজ কৰা

    চকীত বহি আঁঠুটো যিমান আৰামত পাৰি পিছফালে ভাঁজ কৰক। 5 ছেকেণ্ড ধৰি ৰাখক। 10 বাৰ কৰক।

  6. 6ৱাকাৰ লৈ খোজ কঢ়া

    প্ৰথমে ৱাকাৰ, তাৰ পাছত অপাৰেচন কৰা ভৰি, তাৰ পাছত আনখন ভৰি। অলপ অলপকৈ, দিনটোত বহুবাৰ খোজ কাঢ়ক।

চিত্ৰ 2আঁঠু সলনিৰ পাছৰ ছটা মূল ব্যায়াম।

সঘনাই সোধা প্ৰশ্ন

ঘৰত ফিজিঅ'থেৰাপিষ্ট কিমান দিন লাগে?

প্ৰথম চাৰিৰ পৰা ছয় সপ্তাহ ফিজিঅ'থেৰাপিষ্টে লগত থাকি কৰোৱা ফিজিঅ'থেৰাপীৰ পৰা বেছিভাগ ৰোগীৰ লাভ হয়। তাৰ পাছত আপুনি নিজেই ব্যায়াম কৰি থাকিব পাৰে।

ৰোগীক ঘৰত কেতিয়াৰ পৰা অকলে এৰিব পাৰি?

প্ৰথম দুইৰ পৰা তিনি সপ্তাহ পৰিয়ালৰ কোনো সদস্য বা চোৱা-চিতা কৰা মানুহ এজন লগত থকা উচিত। তাৰ পাছত বেছিভাগ ৰোগীয়ে দৈনন্দিন কামবোৰ নিজেই কৰিব পাৰে।

দুমাহৰ পাছতো আঁঠু কিয় ফুলি আছে?

আঁঠুৰ ভিতৰত ঘা শুকোৱাৰ কাম কেইবামাহো চলি থাকে। লাহে লাহে কমি অহা সামান্য ফুলা আৰু গৰম ভাব থকাটো স্বাভাৱিক। বৰফৰ সেক, ভৰি ওখকৈ ৰখা আৰু নিয়মীয়া ব্যায়ামে সহায় কৰে।

চিকিৎসা সম্পৰ্কীয় পৰ্যালোচনাডাঃ আৰ. কে. খাণ্ডেলৱাল, MS (Ortho), FIMS, DNBE

ওপৰলৈ যাওক
কলWhatsAppলাইভ চেশ্যন
WhatsApp ত কথা পাতক